গুৱাহাটী : সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ধৈৰ্য্য কোঁৱৰ অৱশেষত ৰাজনৈতিক পথাৰত নামিবলৈ সাজু। ধৈৰ্য্য কোঁৱৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলিছে। শিৱসাগৰৰ থাওৰা সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত নামিব ধৈৰ্য্য কোঁৱৰ।

ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে উপ-নিৰ্বাচনত থাওৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব ধৈৰ্য্য কোঁৱৰ। অৱশ্যে ধৈৰ্য্য কোঁৱৰকলৈ বৰ্তমানলৈকে ৰাইজৰ দলৰ ফালৰ পৰাই হওক বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰাই হওক কোনো ধৰণৰ অনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। কিন্তু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ঘোষণা কৰিছে ধৈৰ্য্য কোঁৱৰ থাওৰা সমষ্টিৰ পৰা উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব।

উল্লেখ্য যে ৬ টাকৈ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে। উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই ৬ টা সমষ্টিৰ ভিতৰত থাওৰা সমষ্টি অন্যতম। ২০২১ ৰ বিধানসভা নিৰ্বাচনত থাওৰা সমষ্টিৰ পৰা সুশান্ত বৰগোঁহাই কংগ্ৰেছ দলৰ টিকট নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হৈছিল যদিও পৰৱৰ্তী সময়ত সুশান্ত বৰগোঁহাই বিজেপিত যোগদান কৰে।

ইফালে উপ-নিৰ্বাচনকলৈ কংগ্ৰেছ আৰু ৰাইজৰ দল মিত্ৰতাৰ দিশে অগ্ৰসৰ হোৱাত কংগ্ৰেছে এআইইউডিএফৰ লগত মিত্ৰতা ভংগ কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উপ-নিৰ্বাচনত কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে কংগ্ৰেছৰ দলৰ কেন্দ্ৰীয় নেতৃত্বতৰ লগতে ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছিল। ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি অখিল গগৈৰ ৰাইজৰ দলৰ লগত মিত্ৰতাৰ বাবে এখোজ আগুৱাই দুখোজ পিছুৱাই অহা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক  : উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ শেহতীয়া ছবিখন দেখিলে বুজিব পাৰি যে থাওৰা সমষ্টিত দুয়োটা দলে উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰাৰ সম্ভাৱনা আছে। ইফালে বিজেপিৰ পৰা সুশান্ত বৰগোঁহাইয়ে টিকট লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। সমষ্টিটোকলৈ এতিয়াও কোনো ধৰণৰ ছবি স্পষ্ট হোৱা নাই যদিও উপ-নিৰ্বাচনত থাওৰা সমষ্টিত কোনে শেষ হাঁহি মাৰিব ইয়াৰ উত্তৰ ফলাফলৰ পিছতে পোৱা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply