নিউজ ডেস্কঃ ঢকুৱাখানাত ডাম্পাৰৰ খুন্দাত নিহত এজন লোক। দেওবাৰে ঘিলামৰা-ঢকুৱাখনা সংযোগী ঘাইপথেৰে এখন ডাম্পাৰ আৰু বাইকৰ মাজত সংঘৰ্ষ সৃষ্টি হয়। এই সংঘৰ্ষত প্ৰফু্ল চমুৱা নামৰ বাইক আৰোহীজনৰ মৃত্যু হয়।

জানিব পৰা মতে, ডাম্পাৰখনৰ নম্বৰ এ এছ ০৭ চি ৬৩১১ আৰু বাইকখন নম্বৰ এন এল ০৭ জে ৫১৩৩। ডাম্পাৰখনে খুন্দা মৰাৰ পাছত বাইক আৰোহীজন ডাম্পাৰখনৰ তলত সোমাই যায় আৰু গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোক আৰু আৰক্ষীৰ তৎপৰতাত সমীপৰ ঢকুৱাখনা মহকুমা অসামৰিক হাস্পতালত ভৰ্তি কৰা হয় আহত লোকজনক। কিন্তু আহত চমুৱাক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু উন্নত চিকিৎসাৰ বাবে নি থকা অৱস্থাতে আহত লোকজনে শেষ নিশ্বাস ত্যাগ কৰে। ইফালে, ডাম্পাৰৰ চালকজনক আটক কৰিছে ঢকুৱাখনা আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply