পল্লৱ মিলি,লখিমপুৰঃ পথাৰো আমাৰ, বজাৰো আমাৰ এই বাক্যশাৰী বাস্তৱত সঠিক ৰূপত ব্যৱহাৰ কৰিছে ঢকুৱাখনাৰ এগৰাকী উদ্যমী যুৱকে। ঢকুৱাখনাৰ ভলুকাগুৰি গাঁৱৰ যুৱক অৰুণ কলিতাই থলুৱা জাতৰ কেৱল নেমুৰ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰা কাৰ্যই নিবনুৱা যুৱকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। চৰকাৰী সাহাৰ্য অবিহনেই প্ৰায় ২বিঘা ভূমিত থলুৱা জাতৰ কাজি নেমু খেতিৰে সোনসেৰীয়া জীৱনৰ সপোন ৰচিছে নবীন কলিতা আৰু বগীতি কলিতাৰ পুত্ৰ অৰুণ কলিতা নামৰ চফল যুৱকজনে।
ঘৰতে কৃষি কৰ্মৰে নীৰৱ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলা অৰুণ কলিতা এতিয়া বহু নিবনুৱাৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ পৰিছে। হাঁহিমুখীয়া, সহজ-সৰল উদ্যমী যুৱকজনে বিভিন্ন প্ৰতিকূল পৰিস্থিতিকো নেওচি নেমু খেতিৰ দ্বাৰা এতিয়া বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰায় দহ বছৰ পূৰ্বে নেমু খেতি কৰিবলৈ লোৱা অৰুণ কলিতাই ঢকুৱাখনা, লখিমপুৰ ,শিৱসাগৰ আদি জিলাৰ বিভিন্ন বজাৰত বছৰি ৩০ হাজাৰোধিক কাজি নেমু যোগান ধৰিবলৈ সক্ষম হৈছে।
ইফালে চৰকাৰী সুবিধা অবিহনে কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ নিজৰ অভিজ্ঞতাৰে কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱা অৰুণে এই সাফল্যৰ বাবে কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু সততা তেওঁৰ উন্নতিৰ মূল সম্পদ বুলি ইষ্টম’জ’ৰ ওচৰত ব্যক্ত কৰিছে ৷ উদ্যমী যুৱকজনে জনোৱা মতে, তেখেতৰ বাৰীত প্ৰায় ২৫০ জোপা কাজি নেমু আৰু কিছু সংখ্যক গোল নেমুৰ গছ আছে। বৰ্তমান ফলেৰে পৰিপূৰ্ণ হৈ থকা গছবোৰ প্ৰতিপালন কৰিবলৈ অৰুণে থলুৱা পদ্ধতি ব্যৱহাৰ কৰিছে যদিও কিছু ব্যতিক্ৰমী পদ্ধতি নিজা অভিজ্ঞতাৰ পৰা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।
মন কৰিবলগীয়া যে যি সময়ত ৰাজ্যৰ লাখ লাখ যুৱকে নিজৰ ঘৰতে অজস্ৰ মাটিবাৰী এনেয়ে পৰি থকাৰ পাছতো নিজকে নিবনুৱা আখ্যা দি চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই বুলি কেৱল চৰকাৰক দোষ দি আহিছে তেনে সময়তে ঢকুৱাখনাৰ অৰুণ কলিতাই ওপজা মাটিৰ সুবাসেৰে কৃষিকৰ্মৰ লগতে আন আন কামৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ কৰা প্ৰয়াস কৰিছে। ইমানৰ পিছতো ঢকুৱাখনা মহকুমা কৃষি বিভাগে অৰুণ কলিতাক স্বীকৃতি দিবলৈ অৱকাশ নোপোৱাটো উদ্বেগজনক কথা।