পল্লৱ মিলি, লখিমপুৰঃ ডেৰ দশক ধৰি ঢকুৱাখনাত চুৰি,ডকাইতি, হত্যা, ধৰ্ষণ ইত্যাদি অসংখ্য ঘটনাৰে সন্ত্ৰাস সৃষ্টি কৰি অহা দুৰ্ধষ অপৰাধী গেৰজাই বৰুৱা ওৰফে ৰাজুৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে স্বস্তিৰ নিশ্বাস পেলাইছে সমগ্ৰ ঢকুৱাখনাবাসীয়ে। মঙলবাৰে ঢকুৱাখনা ন্যায়িক আদালতৰ শৌচাগাৰৰ পৰা পলায়ন কৰিছিল গেৰজাই।

চুৰি,ডকাইতি, হত্যা, ধৰ্ষণ ইত্যাদি অসংখ্য ঘটনাৰ গোচৰত অভিযুক্ত গেৰজাইক বৃহস্পতিবাৰে পুৱতি নিশা ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কিলাকিলি গাঁৱৰ এটা জানৰ পানী যুঁৱলিত আত্মগোপন কৰি থকা অৱস্থাত স্থানীয় ৰাইজে কৰায়ত্ব কৰি ঢকুৱাখনা আৰক্ষীক খবৰ দিয়ে। কিন্তু আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই গেৰজাইৰ কৰ্ম-কাণ্ডত ক্ষুব্ধ হৈ থকা একাংশ উত্তেজিত লোকে উত্তম-মাধ্যম শোধাই গুৰুতৰভাৱে আহত কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুত্বৰভাৱে আহত অৱস্থাত গেৰজাইক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সৰ জৰিয়তে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু চিকিৎসকে গেৰজাই(৪৫)ক মৃত ঘোষণা কৰে।

এই ঘটনাত আহত হৈছে আৰক্ষী জোৱান যজ্ঞৰাম চিন্তে আৰু গৃহৰক্ষী জোৱান গুণাভি বৰুৱা। দুয়োকে উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হৈছে। ইফালে গেৰাজাইৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ঢকুৱাখনাবাসীয়ে স্বস্তিৰ নিশ্বাস পেলোৱাৰ সমান্তৰালকৈ গেৰাজাইৰ মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ শ শ জনতাই ভিৰ কৰেহি ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত। জনতাৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈও আৰক্ষী নিয়োগ কৰিবলগীয়া হৈছে চিকিৎসালয়ৰ চৌহদত।

উল্লেখ্য যে, মঙলবাৰে ঢকুৱাখনা ন্যায়িক আদালতৰ শৌচাগাৰৰ পৰা পলায়ন কৰিছিল গেৰজাই সহ আন দুজন আচামী।ইয়াৰে চুৰি গোচৰৰ অভিযুক্ত যতীন তামুলীক যোৱা মঙ্গলবাৰেই আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও পলাতক হত্যাৰ গোচৰত অভিযুক্ত অপৰাধী সোণটি দাস। নৰ হত্যা ,ডকাইতি ,ধৰ্ষণ আদি বহুকেইটা লোমহৰ্ষক ঘটনাৰ সৈতে প্ৰত্যক্ষ ভাৱে জড়িত ঢকুৱাখনা মাজ জালভাৰী গাঁৱৰ মৃত গেৰজাই বৰুৱা ওৰফে ৰাজু বৰুৱাই ২২ জানুৱাৰীত লখিমপুৰ চিকিৎসা মহাবিদ্যালৰ ক’ভিড ৱাৰ্ডৰ পৰা হেণ্ডকাফ সহ পলায়ন কৰিছিল।

দুদিনৰ পিছত ঢকুৱাখনা আৰক্ষীয়ে অপৰাধীটোক আটক কৰিছিল। ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ ২৪ ছেপ্টেম্বৰত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল এইটো দুৰ্ধষ অপৰাধীক। সম্প্ৰতি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত গেৰজাইৰ মৃতদেহ ৰখা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গেৰাজাইৰ মৃত্যুৰ লগে লগে যোৱা ডেৰ দশক ধৰি ঢকুৱাখনাত চুৰি,ডকাইতি, হত্যা, ধৰ্ষনৰে সৃষ্টি কৰি অহা সন্ত্ৰাসৰো অৱসান ঘটিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply