ঢকুৱাখানাঃ ঢকুৱাখনাৰ ঘিলামৰা দক্ষিণগাঁৱত সংঘটিত হৈছে কৰুণ ঘটনা। ঘৰৰ কাষৰে পুুখুৰীত পৰি মৃত্যু হয় এটি ১৪ মহীয়া শিশুৰ। মৃত শিশুটিৰ নাম অংকুৰ বৰপাত্ৰ। শিশুটিক খেলিবলৈ দি টিভি চোৱাত ব্যস্ত আছিল পিতৃ-মাতৃ। সেই সময়তে সংঘটিত হয় এই কৰুণ ঘটনা।
লগতে পঢ়কঃধনৰ লোভত নিজ মাতৃয়ে কন্যাক বিক্ৰী কৰিলে নাৰী দেহ চক্ৰৰ হাতত
শিশুটি সন্ধানহীন হোৱাত বহু সময় ধৰি বিচাৰ-খোচাৰ কৰি বিচাৰি নাপাই শিশুটিৰ ভৰিৰ খোজ প্ৰত্যক্ষ কৰিহে পুখুৰীত পৰা বুলি আত্মীয়ই জানিব পাৰে। অৱশেষত সন্ধিয়া পুখুৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃতদেহ। অংকুৰ বৰপাত্ৰ দক্ষিণগাঁৱৰ নিবাসী বুবু বৰপাত্ৰৰ পুত্ৰ।