পল্লব মিলি,লখিমপুৰঃ ঐতিহ্যমণ্ডিত অসমীয়া সমাজ জীৱনৰ স্বভিমান ঢকুৱাখনাৰ আয়ুসৰেখা ফাটবিহুৰ আজি অন্তিমটো দিন। আজিৰ এই অন্তিম দিনটো প্ৰতিকূল বতৰকো নেওচি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ফাটবিহু উপভোগ কৰা পৰিলক্ষিত হ’ল।
আজি দিনটোত বাহিৰ কৰা হৈছে মুখ্য আকৰ্ষণ বৰ্ণিল শোভাযাত্ৰা। এই শোভাযাত্ৰাত মুখ্য আকৰ্ষণ হিচাপে অংশগ্ৰহণ কৰে অভিনেত্ৰী অমৃতা গগৈৰ লগতে অংশগ্ৰহণ কৰিছে বিভিন্ন জাতি, জনগোষ্ঠীৰ লোক কলা কৌশলী, অসমীয়া কৃষ্টি সংস্কৃতিৰ সমাহাৰ।
বিহুপ্রেমী ৰাইজৰ পাৰভঙা উছাহক বতৰেও যেন বাধা দি ৰাখিব পৰা নাই তাৰে প্ৰমাণ সমবেত হোৱা হাজাৰ হাজাৰ লোকৰ ভিৰ।