পল্লব মিলি, লখিমপুৰঃ লখিমপুৰ জিলাৰ ঢকুৱাখনাত ঐতিহাসিক ফাটবিহুৰ ব্যাপক প্ৰস্তুতি চাৰিকড়ীয়া নৈৰ পাৰৰ মহঘূলি চাপৰিত। অহা ১৩ মে’ৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হ’ব ফাটবিহু।

জাতি-জনজাতিৰ মিলনৰ স্থলী ঐতিহাসিক ফাটবিহু অহা ১৩, ১৪ আৰু ১৫ মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। ফাটবিহু-২০২২ সাফল্যমণ্ডিত কৰি তুলিবলৈ ফাটবিহু সমিতিয়ে পূৰ্ণগতিত চলাইছে এতিয়া প্ৰস্তুতি।

ইফালে, ফাটবিহু স্থলি চাফ চিকুণ কৰাৰ লগতে গছ-গছনিবোৰতো চূণ-তেল সানি সৌন্দৰ্য্য বৰ্দ্ধন কৰা পৰিলক্ষিত হৈছে। তদুপৰি ঢকুৱাখনাৰ কেইবাখনো গাঁৱৰ মহিলাসকলে মহঘূলি চাপৰিত ফাটবিহুত অংশগ্ৰহণৰ বাবে এইদৰে আৰম্ভ কৰিছে বিহুৰ আখৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply