ঢকুৱাখনাঃ লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘূলি চাপৰিত ১৩ মে’ৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ঐতিহাসিক ফাটবিহু৷ চাৰিকড়ীয়াৰ পাৰত বহিব সম্প্ৰীতিৰ মেলা, লোকে-লোকাৰণ্য হৈ পৰিব ম’হঘূলি চাপৰি। ফাটবিহুৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ঢকুৱাখনাবাসীয়ে। ফাটবিহু সমিতি আৰু ফাটবিহু উদযাপন সমিতিয়েও সভা-আলোচনাৰ জৰিয়তে চপাই আনিছে কাম-কাজ।
আহোমৰ ৰাজত্বকালৰে পৰা উদযাপিত হৈ অহা এই ফাটবিহুৰ প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি ১৩ মে’ত পতাকা উত্তোলন,স্মৃতি তৰ্পণ,টকা বিহু আৰু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ঐতিহাসিক ফাটবিহুৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি ১৪ মে’ত কপৌফুল ৰোপন,গামোচা প্ৰতিযোগিতা আৰু সকলো জনগোষ্ঠীৰ মাজত হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, পূৰ্বতে ব’হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব’হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।
লগতে পঢ়কঃআজিৰে পৰা তামুলপুৰত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশন