ঢকুৱাখনা:  ঢকুৱাখনাত কোনো ধৰণৰ ভৌগলিক পৰিসীমা বৃদ্ধি নকৰাকৈ পূৰ্বৰ ৪টা ৱাৰ্ডকে ১০ টা ৱাৰ্ডলৈ বৃদ্ধি কৰি গঠন কৰা ঢকুৱাখনা পৌৰ সভাৰ দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হৈছে। মুঠ ১০ হাজাৰ ১০৫ গৰাকী ভোটাৰ বিশিষ্ট পৌৰসভাখনৰ মুঠ ২০ টা ভোট কেন্দ্ৰত দেওবাৰে পুৱা ৮ বজাৰ পৰা শান্তি পূৰ্ণ ভাবে নিৰ্বাচন অনুষ্ঠিত হৈ আছে । 

ঢকুৱাখনা মহকুমা প্ৰশাসন তথা জিলা নিৰ্বাচনী বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ তৎপৰতাত অনুষ্ঠিত ভোট কেন্দ্ৰসমূহত ভোটাৰ ৰাইজে পুৱাৰ পৰাই শৃংখলাবদ্ধ ভাবে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে।  দুপৰীয়া ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ দলেয়ে বি এড মহাবিদ্যালয়ত অৱস্থিত ভোট কেন্দ্ৰত সপত্নীক ৬ নং ৱাৰ্ডৰ প্ৰাৰ্থী স্বৰূপ কোঁৱৰৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে ।

উল্লেখ্য যে, প্ৰশাসনে  পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ  ভোট গ্ৰহণৰ বাবে স্থাপন কৰা  কাঠৰবাৰী প্ৰাথমিক বিদ্যালয়, নগৰ আমকটিয়া প্ৰাথমিক বিদ্যালয়, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপাত্ৰ প্ৰাথমিক বিদ্যালয়, গোঁহাই বাৰী মজলীয়া বিদ্যালয়,  ঘাহি গাঁও প্ৰাথমিক বিদ্যালয়,ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় , ঢকুৱাখনা চৰকাৰী বালক মজলীয়া বিদ্যালয়, কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়, বি এড কলেজ , সাহাদেৱ হিন্দী প্ৰাথমিক বিদ্যালয়, মানিকপুৰ প্ৰাথমিক বিদ্যালয়, হুজ গাঁও প্ৰাথমিক বিদ্যালয়, ভৰপূৰ প্ৰাথমিক বিদ্যালয়, ঢকুৱাখনা বালিকা অভ্যসন মজলীয়া বিদ্যালয়  আৰু ঢকুৱাখনা নগৰ হাইস্কুল সহ মুঠ ২০ টা ভোট কেন্দ্ৰত দুপৰীয়া  ১২ বজা পৰ্যন্ত প্ৰায় ৩৫ শতাংশ ভোট দান কৰে ।

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত পৌৰ সভাৰ নিৰ্বাচনত ১০টা ৱাৰ্ডৰ বাবে মুঠ ২২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। পৌৰসভাখনৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা হ’ল ৫০৭৩ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৫০৩২  গৰাকী ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply