লখিমপুৰ, পল্লব মিলি: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ছাত্ৰ-ছাত্ৰী সকলে টুলুঙা নাৱৰে বিপদসংকুল ভাবে যাত্ৰা কৰিব লগীয়া হৈছে বিদ্যালয়লৈ। গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ চেলাজান কছাৰী ঘাটত টুলুঙা নাৱৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীসকলে।
ৰাজ্যৰ কেইবাখনো জিলাত বৰ্তমান চলি আছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। তাৰ সমান্তৰালভাৱে ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়ত গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলে আহিবলগীয়া হৈছে বিপদজনকভাৱে। মৰণক শৰণ দি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে টুলুঙা নাৱৰে বিপদসংকুলভাৱে ফেনে ফুটুকাৰে উফন্দি উঠা চাৰিকড়ীয়া নৈৰ পাৰ হ’বলগীয়া হৈছে।
ইফালে, নাৱেৰে ঘাট পাৰ হ’বলৈ প্ৰতিগৰাকী ছাত্র-ছাত্ৰীয়ে ভৰিব লাগে ১০ টকাকৈ। কেতিয়াবা আকৌ ঘাট পাৰ সময়মতে হ’ব নোৱাৰাৰ ফলত পলমকৈ উপস্থিত হয় বিদ্যালয়ত। এনেদৰে ঢকুৱাখনা বিধান সভা সমষ্টিত দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো ইয়াত নিৰ্মাণ নহ’ল এখন স্থায়ী দলং।
যাৰ ফলত অঞ্চলটোৰ ৰাইজে, কৃষক, ছাত্র-ছাত্ৰী, ৰোগী সকলোৱে গাঁঠিৰ ধন ভাঙি এনেদৰে বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে। তদুপৰি বাৰম্বাৰ স্থানীয় ৰাইজে জনপ্ৰতিনিধি বা চৰকাৰক এখন দলং নিৰ্মাণ কৰি দিবলৈ দাবী জনোৱাৰ পাছতো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে তথা জনপ্ৰতিনিধিয়ে।