মঙ্গলদৈঃ ধলপুৰৰ উচ্ছেদত মানৱ অধিকাৰ উলংঘন হৈছে। এই অভিযোগ উথাপন কৰিলে মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ কাৰ্যকৰী অধ্যক্ষ কেশৱ চহৰীয়াই।
কেশৱ চহৰীয়াই ধলপুৰত হোৱা উচ্ছেদক আদৰণি জনাইছে যদিও উচ্ছেদ কৰাৰ আগত উচ্ছেদিত পৰিয়াল সমূহক পুনৰঃসস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল বুলি উল্লেখ কৰে।
লগতে পঢ়কঃঅসম নাগালেণ্ড সীমান্তৰ নামতোলাত মাৰণাস্ত্ৰসহ নগা যুৱক গ্ৰেপ্তাৰ
লগতে তেওঁলোকৰ থকা খোৱা স্বাস্থ্যৰ প্ৰতি চৰকাৰে নজৰ নিদি মানৱ অধিকাৰ ভংগ কৰিছে, এনে নাগৰিক সকলক চৰকাৰে সন্দেহজনক দৃষ্টিৰে চাই আহিছে যদিও সন্দেহহীন কৰিবলৈ কোনো ব্যৱস্থা কোনোদিনেই লোৱা নাই বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনে কাৰ্যকৰী অধ্যক্ষগৰাকীয়ে।