গুৱাহাটীঃ দৰং জিলাৰ গৰুখুঁটী ধলপুৰত বৃহস্পতিবাৰে সংঘটিত উচ্ছেদৰ সময়ত সংঘটিত ঘটনাই ভাৰত তথা বিশ্ববাসীৰ ওচৰত অসমক লজ্জাৱনত কৰিছে ৷ আৰক্ষীৰ গুলিত বাগৰি পৰা এজন ব্যক্তিৰ ওপৰত চৰকাৰী বাহিনীৰে অংশ হৈ যোৱা ফটোগ্ৰাফাৰজনে কৰা পাশৱিক আচৰণৰ বাবে বিশ্ববাসীৰ আগত অসমবাসীৰ মুখ উলিয়াব নোৱাৰা অৱস্থা৷ ইয়াৰ বাবে দৰং জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগ পোনপটীয়াভাৱে দায়ী৷ সেয়ে আইন-শৃঙ্খলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা আৰু জঘন্য আনৱীয় ঘটনা প্ৰতিৰোধেৰে অসম তথা ভাৰতৰ সন্মান ৰক্ষা কৰিব নোৱাৰাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক জগৰীয়া কৰি তেওঁলোকক তৎকালে নিলম্বিত কৰি দুয়োগৰাকীৰ ওপৰত বিভাগীয় তদন্ত কৰোৱাব লাগে৷ এই দাবী অসম জাতীয় পৰিষদৰ৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে চৰকাৰী ভূমিত হোৱা বেদখল চৰকাৰী নিয়ম অনুসৰি উচ্ছেদ কৰাটো যেনেকৈ জৰুৰী, তেনেকৈ ৰাজ্য বা দেশৰ সন্মান ৰক্ষা কৰাটোও জৰুৰী৷ চৰকাৰী দায়িত্ব পালন কৰিবলৈ যাওঁতে এনে কোনো কাৰ্য হ’বলৈ দিব নালাগিব যাৰ দ্বাৰা আইন-শৃঙ্খলা বিনষ্ট হয় বা মানৱাধিকাৰ ভংগ হোৱাৰ জৰিয়তে দেশৰ সামগ্ৰিক অহীত সাধন হয়৷

লগতে পঢ়কঃগৰুখুটিত উচ্ছেদ হ’বই, উচতনি দিয়া সকলক সাবধান কৰিলে মুখ্যমন্ত্ৰীয়ে

এই বিষয়সমূহ চোৱা-চিতাৰ দায়িত্ব জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ৷ কিন্তু কালি ধলপুৰত এই দিশসমূহ স্পষ্টভাৱে উপেক্ষা কৰা হৈছে – যাৰ পৰিণতিত আজি সমগ্ৰ বিশ্বৰ আগত অসমৰ এখন নেতিবাচক ছবি প্ৰচাৰিত হৈছে৷ এই ক্ষেত্ৰত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ গাফিলতি স্পষ্ট হৈছে৷

আনহাতে গুলিবিদ্ধ ব্যক্তিৰ ওপৰত জপিওৱা ব্যক্তিজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যদিও উক্ত লোকজনৰ গ্ৰেপ্তাৰ যথেষ্ট নহয়, তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজো কৰিব লাগে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে প্ৰশাসন আৰু আৰক্ষীৰ দায়িত্বহীনতাৰ বাবেই লোকজনে তেনে ঘটনা সংঘটিত কৰিবলৈ পালে৷ সেয়ে দায়িত্বৰ পৰা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে দায় সাৰিব নোৱাৰে৷

জাতীয় পৰিষদৰ মতে, উচ্ছেদ কাৰ্য চলোৱাৰ এটা সুনিৰ্দিষ্ট চৰকাৰী বিধি আছে৷ কিন্তু ধলপুৰৰ উচ্ছেদৰ সময়ত নিৰ্দিষ্ট উচ্ছেদ-নীতি অৱলম্বন নোহোৱাৰ কথাটো ইতিমধ্যে স্পষ্ট হৈছে৷ আনকি আইন-শৃঙ্খলা বিনষ্ট হোৱাৰ বিষয়টোতো প্ৰশাসন আৰু আৰক্ষীৰ ব্যৰ্থতা ফুটি উঠিছে৷

ধলপুৰৰ উচ্ছেদ আৰু তাৰ সৈতে সংলগ্ন সমগ্ৰ ঘটনাৱলী এটা পৰিকল্পিত ষড়যন্ত্ৰৰ অংশবিশেষ যেন ধাৰণা হয় বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে এই ঘটনাৰ সৈতে সাম্প্ৰদায়িক বিভাজন সৃষ্টিৰে ৰাজনৈতিক মোনাফা আদায়ৰ গোপন উদ্দেশ্য নিহীত হৈ আছে নে কি সেয়া নিশ্চিত কৰাৰ প্ৰয়োজন আছে৷ তাৰ বাবে উচ্চতম ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা সমগ্ৰ ঘটনাক্ৰমৰ তদন্ত কৰোৱাৰ দাবী তোলে নেতাদ্বয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply