ধেমাজিঃ সৰ্বশিক্ষা অভিযানৰ অধীনত বিভিন্ন শিক্ষামূলক কাৰ্যক্ৰমত শিক্ষা কৰ্মী-স্বেচ্ছাসেৱক আদি হিচাপে কৰ্মৰত ৬৬৭ গৰাকী বিশেষ টেট উত্তীৰ্ণক চৰকাৰে শিক্ষক হিচাপে স্হায়ী নিযুক্তিৰ আশাত ধেমাজিত আয়োজন কৰিছে দুদিনীয়া ভাগৱত পাঠ কাৰ্যসূচী৷
সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সন্থাই ধেমাজি তিনিআলি এৰাধলস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ধেমাজি নগৰ প্ৰাথমিক শাখা নামঘৰত অহা ৫ আৰু ৬ মে’ত দুদিনীয়াকৈ ভাগৱত পাঠ আয়োজন কৰি চৰকাৰৰ বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়াত বিশেষ টেটত উত্তীৰ্ণ ৰাজ্যৰ এইসকলে স্হায়ী নিযুক্তি লাভৰ বাবে ভগৱানৰ ওচৰত সেৱা অৰ্পণ কৰে।
এই কথা সদৌ অসম বিশেষ টেট উত্তীৰ্ণ ভাগৱত পাঠ উদযাপন সমিতিৰ সভাপতি কমল পাঠক আৰু সম্পাদক ৰাতুল হাজৰিকাই জানিবলৈ দিছে৷ উল্লেখ্য যে, ৰাজ্যখনৰ সৰ্বশিক্ষা অভিযানৰ সহযোগী শিক্ষামিত্ৰ, জ্যোতি কেন্দ্ৰ, আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ, কস্তবা গান্ধী বালিকা বিদ্যালয়, আইডি আদিত কৰ্মৰত শিক্ষা কৰ্মী আৰু স্বেচ্ছাসেৱীৰ বাবে ২০২১ চনত চৰকাৰে এক বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিছিল ৷
এইসকলৰ ১৪,৭৫৬ গৰাকী বিশেষ টেটত অৱতীৰ্ণ হোৱা ভিতৰৰে মাত্ৰ ৬৬৭ গৰাকীহে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল৷ লক্ষণীয়ভাবে তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বত্তমানৰ বিজেপিৰ মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইসকলক বিশেষ টেটত উত্তীৰ্ণ হোৱাৰ লগেলগেই নিযুক্তি দিয়া হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজি পৰ্যন্ত নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে।