ডিফুঃ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত বৃহস্পতিবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা অৱস্থাতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ আহত হয় এগৰাকী দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী ৷
উল্লেখযোগ্য যে যোৱা সোমবাৰে কাৰ্বি আংলং জিলাৰ ধনশিৰি আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই এএছ ০৭ ডি ০০০৭ নম্বৰৰ ক’লা ৰঙৰ স্কৰপিঅ’ খনৰ পৰা প্ৰায় ৭ কোটি টকা মূল্যৰ বৃহৎ পৰিমানৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছিল ৷
নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ লগত জড়িত আফতাব হুছেইন আৰু ছবিৰ হুছেইন নামৰ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক লৈ আৰক্ষীয়ে ডিমাপুৰত অভিযান চলাইছিল ৷
লগতে পঢ়কঃঅসমৰ মাটিত অৰুণাচলীৰ আগ্ৰাসন
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাক চাৰিদিনৰ জিম্মাতলৈ বৃহস্পতিবাৰে পুনৰ ডিমাপুৰত অভিযান চলাবলৈ নি থকা অৱস্থাতে ৰাঙা পাহাৰৰ কোনো এখন ঠাইত আফতাব হুছেইন ড্ৰাগছ সৰবৰাহকাৰীটো পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলী চালনা কৰাত আফতাব হুছেইন নামৰ সৰবৰাহকাৰীটোৰ ভৰিত গুলী লাগি আহত হয় ৷
গুলবিদ্ধ আফতাব হুছেইনক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতাললৈ প্ৰেৰণ কৰা হয় ৷