গোলাঘাটঃ ধনশিৰি নদীৰ কাল খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে খুমটাইৰ বিভিন্ন অঞ্চলত ৷ খুমটাইৰ বিভিন্ন প্ৰান্তৰ লগতে বগৰিয়নী অঞ্চলত প্ৰত্যেক দিনাই চপৰা চপৰে খহিছে ধনশিৰিৰ গৰা ৷

শ শ বিঘা কৃষিভূমিৰ লগতে প্ৰায় ৪৫ টাতকৈও অধিক ঘৰ ইতিমধ্যে জাহ গৈছে নদীৰ বুকুত। ভূমিহীন-গৃহহীন পৰিয়ালসমূহে আনৰ ভূমিতে অস্থায়ীকৈ গৃহ নিৰ্মাণ কৰি বসবাস কৰি আছে ।

লক্ষণীয়ভাৱে এইসমূহ পৰিয়ালে আজিকোপতি নাপালে কোনোধৰণৰ চৰকাৰী সাহায্য । তাৰোপৰি বৰ্তমান কেইবাটাও বাসগৃহৰ কাষ পালেহি ধনশিৰি নদী ৷ যাৰ ফলত এতিয়া যিকোনো মুহূৰ্তত বিপদৰ আশংকা স্থানীয় লোকৰ ৷

লগতে পঢ়কঃজুৰীয়াৰ শিমলুআটিত পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ

অতি শীঘ্ৰে যদি ৰাজ্যৰ জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া খুমটাইৰ বগৰীয়নী গাঁৱৰ লগতে সমীপৱৰ্তী বহু কেইটা অঞ্চললৈ আহিব তীব্ৰ ভাবুকি ৷

ধনশিৰিৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত চিন্তিত হৈ অনিদ্ৰাত দিন কটাইছে নৈপৰীয়া ৰাইজে ৷ খহনীয়াত সৰ্বস্বান্ত হোৱা এই বৃহত্তৰ অঞ্চলটোত স্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল’বলৈ জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়ক মৃণাল শইকীয়াক কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply