নিউজ ডেস্কঃ যোৱা কেইবাদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ভূমিস্খলন, বানৰ সৃষ্টি হৈছে। এই বান আৰু ভূমিস্খলনত বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি যোৱা আৰু পশুধনক হেৰুৱাইছে।

তাৰ মাজতে বৃদ্ধি পাইছে ধনশিৰি, যমুনা, কপিলী আৰু কাৰ্বিলাংপি নৈৰ জলস্তৰ। বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী, যমুনা আৰু বৰাপানী নৈৰ পানী।

ইফালে, ফেনে-ফোটোকাৰে বাঢ়িছে ধনশিৰি নৈ। উল্লেখ্য যে, ৰাজ্যৰ আন প্ৰান্তৰ লগতে নগাঁও আৰু হোজাইতো জটিল ৰূপ ধাৰণ কৰিছে বানে। আৰু এনেদৰে জলস্তৰ বৃদ্ধি হৈ গৈ থাকিলে বানৰ কৱলত পৰিব কাৰ্বিআংলং-গোলাঘাট জিলাৰ সীমান্তৱৰ্তী অঞ্চল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply