জাগীৰোডঃ মৰিগাঁৱৰ ধৰমতুলত মৰ্মান্তিক ঘটনা। বানাক্ৰান্ত পৰিয়ালে আশ্রয় লৈ থকা শিবিৰত তীব্ৰবেগী টাটা ম’বাইলে খুন্দা মৰাৰ ফলত এটা পৰিয়ালৰে নিহত এজন আৰু আহত হয় শিশুসহ ৭ জন। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক। নিহত লোকজন ২৫ বছৰীয়া বুবু দাস। নিশা বুবু দাসে পথৰ কাষতে আশ্ৰয় লৈ থকা শিবিৰত আহাৰ গ্ৰহণ কৰি আছিল শিবিৰত। তেনে সময়তে এখন এএছ ০১ এন চি ১২০৪ নম্বৰৰ টাটা ম’বাইল বাহনখনে মহতিয়াই নিয়ে শিবিৰটো। আহত আটাইকেইজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে টাটা ম’বাইলখনৰ চালক পদুম বড়োক৷ নেলী আৰক্ষীক ৰাইজে পথটোত বেৰিকেড দিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
এই ঘটনাৰ পিছতে নিশাই ধৰমতুলত দুৰ্ঘটনাস্থলী উপস্হিত হয় মৰিগাঁও জিলা উপায়ুক্ত৷ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ সন্মুখত ক্ষোভ উজাৰে মৃতক তথা দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালৰ আত্মীয়ই ৷ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে ঘটনা সন্দৰ্ভত ইতিমধ্যে অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ লগত যোগাযোগ কৰা হৈছে। মৰিগাঁও উপায়ুক্ত গৰাকীয়ে দুৰ্ঘটনাতত আহত কেইজনৰ চিকিৎসা চৰকাৰীভাৱে দায়িত্ব লোৱা হ’ব বুলি মন্তব্য কৰে৷ পথটোত আগতীয়াকৈ বেৰিকেড দিয়াৰ কথা উপায়ুক্তক জনাইছিল বুলিও জনিবলৈ দিয়ে উপায়ুক্তই৷ কিন্তু উপায়ুক্তক জনোৱাৰ পাছতো কিয় বেৰিকেডৰ ব্যৱস্হা নহ’ল সেইটোহে গুৰুত্বপূৰ্ণ প্ৰশ্ন। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ আহি পোৱাৰ পাছত বুবু দাসৰ ঘৰখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷