গুৱাহাটী : ধাৰাপুৰৰ পুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যু। এজন লোকৰ পুখুৰীৰ মাছ হঠাতে মৃত্যুৰ মুখত পৰিছে। কেইবা শতাধিক মাছৰ অস্বাভাৱিক মৃত্যু হৈছে পুখুৰীত। কান্দোনত ভাঙি পৰিছে মাছ পালকজন। মীন বিভাগে মাছৰ এই অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত কৰাৰ দাবী জনাইছে ৰাইজে।
কিছুদিন পূৰ্বে মহানগৰী গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰীত মৃত্যু মুখত পৰিছিল কেইবা শতাধিক মাছ। দীঘলীপুখুৰীৰ পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত দীঘলীপুখুৰীৰ সৰু-বৰ বহু মাছৰ মৃত্যু ঘটিছিল। দীঘলীপুখুৰীৰ মাছৰ মৃত্যুৰ পিছত এইবাৰ মহানগৰীৰ ধাৰাপুৰত এজন মাছ পালকৰ পুখুৰীৰ মাছ অস্বভাৱিকভাৱে মৃত্যুৰ মুখত পৰিছে।
ধাৰাপুৰৰ আনন্দ কলিতা নামৰ এজন লোকে প্ৰায় ডেৰ বিঘা ভূমিত থকা পুখুৰীত মাছ পালন কৰিছিল। আনন্দ কলিতাই সময়মতে পুখুৰী পৰিষ্কাৰ কৰাৰ লগতে মাছৰ খাদ্য যোগান ধৰিছিল সময়মতে। কিন্তু আনন্দ কলিতাৰ এই পুখুৰীত হঠাৎ কেইবা শতাধিক মাছ অস্বাভাৱিকভাৱে মৃত্যু মুখত পৰি পুখুৰীৰ পানীত ওপঙি উঠিছে। বিভিন্ন প্ৰকাৰৰ মাছ আছিল আনন্দ কলিতাৰ এইটো পুখুৰীত।
লগতে পঢ়ক : সুস্বাস্থ্য ধৰি ৰাখক : বহুমূত্ৰ ৰোগৰ কেইটামান ঘৰুৱা চিকিৎসা
হঠাৎ কিয় পুখুৰীৰ মাছ মৃত্যুৰ মুখত পৰিছে ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশ মাছ পালন কৰা লোকে সন্দেহ প্রকাশ কৰিছে যে কোনোবা দুৰ্বৃত্তই হয়তো পুখুৰীৰ পানীত বিষ বিয়পাই দিয়াৰ ফলত মাছৰ মৃত্যু হৈছে। বিভিন্ন প্ৰকাৰৰ প্ৰায় ডেৰ-দুই তিনি কেজি ওজনৰ মাছৰ মৃত্যুৰ ফলত কান্দোনত ভাঙি পৰিছে মাছ পালক আনন্দ কলিতা। মীন বিভাগে মাছৰ এই অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত কৰাৰ দাবী জনাইছে ৰাইজে।