গুৱাহাটী : সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত নিশ্চিত হ’ল ধৈৰ্য্য কোঁৱৰ যুঁজিব থাওৰা সমষ্টিত। উপ নিৰ্বাচনত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ হ’ব বুলি দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰিলে। সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ধৈৰ্য্য কোঁৱৰ অৱশেষত ৰাজনীতিৰ পথাৰত নামিলে।

উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা নৌহওঁতেই ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰাৰ্থী।ডিমৌত সংবাদ মেল যোগে ঘোষণা । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ হ’ব দলটোৰ প্ৰাৰ্থী

কিছুদিন পূৰ্বে ধৈৰ্য্য কোঁৱৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰিছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা পদত্যাগ কৰাৰ পিছতে চৰ্চা চলিছিল ধৈৰ্য্য কোঁৱৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি। শিৱসাগৰৰ থাওৰা সমষ্টিৰ পৰা নিৰ্বাচনী ধৈৰ্য্য কোঁৱৰ উপ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জানিবলৈ দিছিল যদিও আনুষ্ঠানিক ঘোষণা কৰা নাছিল।

অৱশেষত বৃহস্পতিবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আনুষ্ঠানিকভাৱে ধৈৰ্য্য কোঁৱৰৰ নাম থাওৰা সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। উল্লেখ্য যে ৬ টাকৈ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে। উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই ৬ টা সমষ্টিৰ ভিতৰত থাওৰা সমষ্টি অন্যতম।

লগতে পঢ়ক  : কেবিনেটে ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠ আৰম্ভ কৰাৰ সিদ্ধান্ত

২০২১ ৰ বিধানসভা নিৰ্বাচনত থাওৰা সমষ্টিৰ পৰা সুশান্ত বৰগোঁহাই কংগ্ৰেছ দলৰ টিকট নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হৈছিল যদিও পৰৱৰ্তী সময়ত সুশান্ত বৰগোঁহাই বিজেপিত যোগদান কৰে। থাওৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে ধৈৰ্য্য কোঁৱৰৰ নাম ঘোষণা কৰি অখিল গগৈয়ে জানিবলৈ দিয়ে যে ৰাইজৰ দলে উপ-নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply