সোণাৰি : বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্বেৰমান আলী কোনো দিনেই যাতে জন প্ৰতিনিধি হ’ব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কয় সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
শ্বেৰমান আলীক জনপ্ৰতিনিধি হিচাপে অসমৰ জনসাধাৰণে নিবিচাৰে। কোনো বিদেশীক সমৰ্থন কৰি খিলঞ্জীয়াক নস্যাৎ কৰাৰ অধিকাৰ নাই। গতিকে শ্বেৰমান আলীয়ে কোনো দিনেই যাতে জনপ্ৰতিনিধি হ’ব নোৱাৰে তাৰ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে। এই মন্তব্য সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।
লগতে পঢ়ক : শ্বেৰমান আলিক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰস্তাব ল’লে কংগ্ৰেছ বিধায়িনী দলে
আনহাতে সোণাৰিত স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে যি উদ্দেশ্য লৈ অসম আন্দোলন হৈছিল সেই উদ্দেশ্য এতিয়াও সফল নহ’ল বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব অসম আন্দোলনৰ উদ্দেশ্য সফল হ’ব বুলিও আশা প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে।