ঢেকিয়াজুলিঃ ঢেকিয়াজুলিৰ চিৰাজুলিস্থ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ শাখাত সংঘটিত হৈছে ডকাইতি কাণ্ড।
তিনিজনীয়া এটা ডকাইতৰ দলে বেংকটোৰ পৰা লুটি লৈ যায় ৮লাখ ৫০হাজাৰ টকা।
হেলমেট পৰিধান কৰি বেংকটোৰ ভিতৰত প্ৰৱেশ কৰা ডকাইতকেইটাই প্ৰৱেশদ্বাৰত থকা নিৰাপত্তাৰক্ষী লোহিত বৰাক শাৰিৰীক ভাৱে আক্ৰমণ কৰে ।
ডকাইতৰ দলটোৱে বেংকটোৰ ভিতৰত প্ৰৱেশ কৰিয়ে তিনি জাঁই গুলী ফুটাই লুটি যায় টকাখিনি ।
ডকাইতৰ দলটোৱে নাম্বাৰপ্লেট বিহীন পালচাৰ আৰু য়ামাহা মটৰচাইকেল লৈ অহা বুলি প্ৰত্যক্ষ দৰ্ক্ষীয়ে উল্লেখ কৰে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তকেইটাক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।