নিউজ ডেস্কঃ ৰাজপথত এইবাৰ গৰু নহয়, হাতী জব্দ কৰিছে আৰক্ষীয়ে। অৰুণাচলৰ পৰা গুজৰাটলৈ নি থকা অৱস্থাতে ৭টাকৈ হাতী জব্দ কৰিছে ঢেকীয়াজুলি আৰক্ষীয়ে।
জানিব পৰা মতে, ঢেকীয়াজুলিত আৰক্ষীয়ে অৰুণাচলৰ পৰা গুজৰাটলৈ নি থকা অৱস্থাত ঢেকিয়াজুলিত ৪ খনকৈ ট্ৰাক সহ জব্দ ৫ টাকৈ হাতী আৰু শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ সীমান্তৰ ঢেকীয়াজুলি আৰক্ষীৰ ওৰাঙৰ তালাচী চকীত জব্দ দুখন ট্ৰাক সহ ২ হাতী আৰু এখন স্কৰপিঅ’।
হাতী কেইটা আৰক্ষীয়ে জব্দ কৰাৰ পাছত বন বিভাগে নথিপত্ৰসমূহ চোৱাচিতা কৰিছে। ইফালে, খাদ্যৰ অভাৱত স্বাস্থ্যৰ অৱনতি ঘটিছে হাতী কেইটাৰ।
উল্লেখ্য যে, জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে- জিএছ ১০ টিটি ৫৩৭৩, জিএছ ০৯ জেড ২৭৫০, জিএছ ১০ টিটি ৬৩৭৩, জিএছ ০৩ বিভি ৮১১১ আৰু জিএছ ১০ টিভি ৭৮৬৬। তদুপৰি জব্দ কৰা স্কৰপিঅ’ খনৰ নম্বৰ জিএছ ১০ ডিই ২২৯৩।