ঢেকিয়াজুলিঃ ঢেকিয়াজুলিৰ কেহেৰুখুন্দাত নিশা আৰক্ষীৰ গুলীচালনা ৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নিজামুদ্দিন নামৰ লোকজনৰ ঘৰত তিনিজনীয়া আৰক্ষীৰ এটা দলে প্ৰৱেশ কৰি অতৰ্কিতে চলায় তালাচী ৷
আৰক্ষীয়ে তালাচী চলাই ওলাই আহি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুই জাঁই গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায় ৷
লগতে পঢ়কঃমৰাণৰ ককৰাঁমৰাৰ পথাৰত মৃতদেহ উদ্ধাৰ
নিজামুদ্দিন নামৰ লোকজনৰ ঘৰৰ সমীপত ৰখাই থোৱা আছিল এখন তেলৰ টেংকাৰ ৷ চোৰাং তেলৰ সৰবৰাহৰ সন্দেহতে আৰক্ষীয়ে নিজামউদ্দিনৰ ঘৰত প্ৰৱেশ কৰি তালাচী চলোৱা বুলি অভিযোগ উত্থাপন হৈছে।
ইপিনে টেংকাৰ চালকেজনে জনোৱা মতে টেংকাৰ খন বিকল হোৱাৰ বাবে সেই ঠাইত ৰখাই মেৰামতি কৰিছিল ৷ পিছে আৰক্ষীয়ে চালকজনকো মাৰপিট কৰাৰ অভিযোগ তুলিছে প্ৰত্যক্ষদৰ্শীয়ে৷ ঘটনাস্থলীত দুটা খালী কাৰ্টিজ উদ্ধাৰ হৈছে ৷