ঢেকীয়াখোৱা বৰনামঘৰ

স্মৃতি ৰেখা লাহন, টীয়ক: কালৰূপী কেৰোনাক ৰুধিবলৈ চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰে।

এই জটিল ক্ষণত ক’ভিড আক্ৰান্ত সকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ আংশিক সহায় হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ আগবঢ়ালে পঞ্চাশ হাজাৰ এটকা।লগতে জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা প্ৰতিজন লোকলৈ , ক’ভিড আক্ৰান্ত সকললৈ নামঘৰৰ অক্ষয় বন্তিৰ তৰফৰ পৰা আৰ্শীবাদ প্ৰদান কৰে।

ইপিনে বৰেণ্য সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই।২০১৪ চনত ঢেকীয়াখোৱা বৰনামঘৰে প্ৰৱৰ্তন কৰা শ্ৰীশ্ৰী মাধৱদেৱ বঁটা আগবঢ়াইছিল প্ৰয়াত সাহিত্যিক গৰাকীলৈ। তেখেতৰ বিয়োগত আজি নামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত শোকসভা পাতি পৰিয়ালবৰ্গলৈ এটি শোকপ্ৰস্তাৱ প্ৰেৰণ কৰে।

লগতে পঢ়ক অলিম্পিকত ১৯০ জনীয়া ভাৰতীয় দলৰ চীফ অব দ্যা মিচন হ’ব সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply