টীয়ক, স্মৃতি প্ৰিয়া লাহনঃ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অহা ১৬ আৰু ১৭ মে’ত মহাপুৰুষ মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্মোৎসৱৰ আয়োজন কৰা হৈছে।
এই উপলক্ষে বৰগীত সাহিত্য, বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ উপৰি ভাগৱত সহ ৭ খন ৰাজ্যৰ সাংস্কৃতিক দলৰ লগতে অসমৰ বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনৰে এক সমন্বয়ৰ শোভাযাত্ৰা উলিওৱা হ’ব।
মঙলবাৰে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবামেলত এই কথা ঘোষণা কৰে বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীন কলিতাই। সংবামেলত বৰনামঘৰ পৰিচালনা সমিতিৰ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে আৰু সকলো কাৰ্যসূচীতে সকলো ভক্তপ্ৰাণ ৰাইজৰ দিহা পৰামৰ্শ তথা উপস্থিতি কামনা কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।