গোলাঘাট : বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত “ঢেঁকীশালৰ জলপান”। মুকলি কৰা হ’ল “ঢেঁকীশালৰ জলপান”ৰ পিঠাগুৰি আৰু সান্দহগুৰি। গ্ৰাম্য অৰ্থনীতি বিকাশৰ লগতে গ্ৰাম্য পৰ্যটনক আগুৱাই নিয়াৰ বাবে গোলাঘাট জিলাৰ খুমটাইৰ বিধায়ৰ মৃণাল শইকীয়াৰ প্ৰচেষ্টা।

খুমটাইৰ বিধায়ৰ মৃণাল শইকীয়া আগুৱাই আহিছে নিজ সমষ্টিটোৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে। গঞা ৰাইজৰ অৰ্থনৈতিক উন্নয়ৰ লগতে গ্ৰামাঞ্চলক পৰ্যটনৰ এক আকৰ্ষণীয় স্থল হিচাপে গঢ় দিয়াৰ বাবে বিধায়ক মৃণাল শইকীয়াৰ এক প্ৰচেষ্টাৰ আৰম্ভণি ঘটিল।

গ্ৰাম্য অৰ্থনীতি বিকাশৰ লগতে গ্রাম্য পৰ্যটনক আগুৱাই নিয়াৰ লক্ষ্যৰে অসমীয়া সমাজৰ অবিচ্ছেদ্য ঢেঁকীশালক উদ্যোগলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস গোলাঘাট জিলাৰ খুমটাইত। বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত ঢেঁকীশালক উদ্যোগলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াসৰ আৰম্ভণি ঘটিল।

যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ ঢেঁকীশালত উৎপাদিত খাদ্য সামগ্ৰী “ঢেঁকীশালৰ জলপান” নামেৰে এক ব্ৰেন্ডৰ আৰম্ভণি ঘটিল। পাৰম্পৰিক অসমীয়া বিধিৰে প্ৰস্তুত কৰা স্বাস্থ্য সন্মত “ঢেঁকীশালৰ জলপানে” উঠি অহা প্ৰজন্মক এক সুকীয়া সোৱাদ দিব বুলি আশা প্ৰকাশ কৰা হৈছে।

গোলাঘাটত মুকলি হ’ল “ঢেঁকীশালৰ জলপান”ৰ পিঠাগুৰি আৰু সান্দহগুৰি। খুমটাই গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত যোগীবাৰী গ্ৰাম্য মহিলা সকলে ঢেঁকীশালত প্ৰস্তুত কৰা পিঠাগুৰি আৰু সান্দহগুৰি উপলব্ধ হ’ব সমগ্ৰ উত্তৰ পূৱৰ বজাৰত। প্ৰটিতো টেমাত থাকিব ৬০ গ্ৰাম পিঠাগুৰি আৰু সান্দহগুৰিৰ লগতে গুৰ আৰু গাখীৰ।

লগতে পঢ়ক : গুৱাহাটীত ক’ভিড পৰীক্ষা বৃদ্ধি কৰাৰ সিদ্ধান্ত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

ৰাইজে এতিয়াৰে পৰা অন্যান্য ফাষ্ট ফুডৰ সলনি তৃপ্তিৰে খাব পাৰিব ঢেঁকীশালৰ জলপান। ঢেঁকীশালক ক্ষুদ্ৰ উদ্যোগলৈ ৰূপান্তৰ কৰাৰ লগতে ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সৱল কৰাৰ প্ৰয়াস কৰিছে বিধায়ক মৃনাল শইকীয়াই। বিধায়ক গৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে “ঢেঁকীশালৰ জলপান”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply