স্মৃতি প্ৰিয়া লাহন, টীয়ক: আজি পহিলা ভাদৰ দিনা পুৱাৰ পৰা যোৰহাট জিলাৰ মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ আগমন ঘটা পৰিলক্ষিত হৈছে ।
দীৰ্ঘদিনৰ বিৰতিৰ পাছত মঠ মন্দিৰ সমূহ নিৰ্দিষ্ট নীতি-নিয়ম অনুযায়ী মুকলি কৰাৰ বাবে চৰকাৰে নতুন এচ অ পি যোগে কালি ঘোষণা কৰাৰ পাছত স্বাভাৱিকতে উৎফুল্লিত ৰাইজ।
ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে চৰকাৰ তথা জিলা প্ৰশাসনে যি নীতি নিয়ম ধাৰ্য কৰি দিছে সেই নীতি নিয়ম আখৰে আখৰে পালন কৰিবলৈ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে।
প্ৰবেশ দুৱাৰতে হাত ধোৱা,চেনিটাইজ কৰা তথা মাস্ক পিন্ধা বাধ্যতামূলক কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।লগতে ভক্তসকলক ভেকচিন লৈহে নামঘৰলৈ আহিবলৈ আহ্বান জনাইছে।
প্ৰতি ঘন্টাত ২০ জনকৈ ভক্তহে উপস্থিত থাকিব পাৰিব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে |লগতে অনাগত এই পবিত্ৰ ভাদমাহযোৰা পালনামত জিলা প্ৰশাসনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে।
লগতে পঢ়ক তিনিমাহৰ পাছত আৰম্ভ মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা