ঢেকীয়াখোৱা বৰ নামঘৰ

টীয়ক: মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহা পালনাম আৰু বৰ সভা আয়োজন কৰে। প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণৰ দিনাই পালনাম আয়োজন হৈছিল যদিও নিৰ্বাচনৰ মাজতে অসমৰ বিভিন্ন প্ৰান্তৰ বহু ভক্ত বৈষ্ণৱে ভাগ লোৱাৰ লগতে আজি মহা পালনামতো বহু ভক্তৰ সমাগম হয়।

উল্লেখযোগ্য যে নামঘৰ প্ৰতিষ্ঠা কালৰে পৰাই প্ৰতি বছৰে চ’ত মাহত এইদৰে নাম উৎসৱ উদযাপন কৰা হয় যদিও যোৱা বৰ্ষত ক’ভিডৰ আতংকৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল।অৱশ্যে এইবাৰ ক’ভিডৰ ভয়াবহ কিছু ম্লান পৰাত পূৰ্বৰ উৎসাহেৰে দুদিনীয়াকৈ উদযাপন কৰিছে নাম উৎসৱ।এইবাৰ দেওবাৰে সন্ধিয়া হবলগা ভাওনাত অংশ ল’বলগা ৫০ বছৰৰ উৰ্ধৰ ১৩০ জনক ঢেকীয়াখোৱা বৰ নামঘৰৰ ফালৰ পৰা অভিনন্দন জনোৱা হ’ব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply