ধেমাজিঃ ১৫ আগষ্ট, ২০০৪চনৰ বিভীষিকা ধেমাজিবাসীৰ লগতে ৰাজ্যবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰা এটি দিন। ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ সেই পেৰেড গাউণ্ডৰ স্মৃতিয়ে আজিও কন্দুৱাই বহুতকে। উচুপি উঠে ভুক্তভোগীৰ আত্মীয়। ২০০৪ চনৰ ১৫আগষ্টৰ স্বাধীনতা দিৱসত ধেমাজি পেৰেড গ্ৰাউণ্ডত উগ্ৰপন্থী সংগঠনে বোমা বিস্ফোৰণ ঘটাই যি ১০ গৰাকী নিষ্পাপ শিশুসহ ৩ গৰাকী নিৰীহ মহিলাক হত্যা কৰিছিল। সেই শ্বহীদ সকলৰ স্মৃতি শুৱৰি ২০০৪ চনৰ পাছৰে পৰাই ১৬আগষ্ট দিনটো শোক দিৱস হিচাপে পালন কৰি আহিছে। আজি ধেমাজি প্ৰশাসন আৰু ধেমাজি মহাবিদ্যালয় সহযোগত শোক দিৱস পালন কৰা হৈছে।
সেইদিনা স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ জীৱনৰ বাবে পংগুত্ব হ’বলগীয়া হৈছে বহু জনে। কোনো পিতৃ-মাতৃ সন্তানহাৰা হ’বলগীয়া হৈছিল, কোনো স্বামীয়ে পত্নীহাৰা হ’বলগীয়া হৈছিল।
মঙলবাৰে পুৱাৰে পৰা শ্বহীদ সকলক সোঁৱৰি শ্বহীদৰ পিতৃ-মাতৃ, পৰিয়ালে, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী আৰু জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে কলা বেজ পৰিধান কৰি শোক দিৱস পালন কৰে। পুৱা সৰ্বদলীয় প্ৰাৰ্থনাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দিনৰ ভাগত ১৩ শ্বহীদৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু গধূলিলৈ বন্তি প্ৰজ্বলন কৰিব বুলি জানিবলৈ দিয়ে।