ধেমাজিঃ ধেমাজি চৌখামগাঁৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা বাহন আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত টাটা গাড়ীখনৰ নম্বৰ এএছ ০৭ বিচি ৫২৭ আৰু স্কুটীখনৰ নম্বৰ এএছ ২২ই ৩১০৬।
দুৰ্ঘটনাত নিহত হয় মহিলা স্কুটী চালক গৰাকী। নিহত মহিলা গৰাকীৰ নাম সংগীতা চিলপতীয়া ফুকন। সংকটজনক অৱস্থাত মহিলা গৰাকীক স্থানীয় ৰাইজে ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ ১০৮ সেৱাৰ যোগেদি প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে মৃত্যুক সাবতি লয়।