ধেমাজিঃ ধেমাজিৰ চমৰাজন পানীতোলাত শোকাবহ দুৰ্ঘটনা।

নাহৰলগুন-তিনিচুকীয়া ইন্টাৰচিটী এক্সপ্ৰেছে মহতিয়ালে স্কৰপিঅ’ বাহন।

দুৰ্ঘটনাত থিতাতে নিহত এজন আৰু আনজন হস্পিতাললৈ নিয়াৰ পথতে মৃত্যু হয়।

নিহতজন কেইজন ডিম্পুল বৰগোঁহাই(৩২) আৰু নিৰ্মলা দলে।

স্কৰপিঅ’ খনে ৰেলপথ অতিক্ৰম কৰোতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

পথটোত নাছিল কোনো গেট।

ইয়াৰ পিছতেই ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। ৰেলবিভাগৰ গাফিলতিৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

লগতে পঢ়কঃলামডিং ৰে’ল ষ্টেচনত পুনৰ জব্দ গাঞ্জা আৰু বাৰ্মীজ চুপাৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply