ধেমাজিঃ ধেমাজিত অসম জাতীয়তবাদী যুৱ পৰিষদৰ প্ৰতিবাদ। বিদ্যুৎ নিয়মীয়াকৰণৰ লগতে অপ্ৰয়োজনীয় ভাবে বিদ্যুৎ কৰ্তন, বিদ্যুতৰ বিল প্ৰস্তুত কৰোঁতে হোৱা ব্যাপক অনিয়ম বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ।
শুকুৰবাৰে ধেমাজিৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিয়ে।
লগতে পঢ়কঃবৰাকত অসমীয়া ভাষাত লিখা ফলক আঁতৰাবলৈ জনোৱা দাবীৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ
ধেমাজিত অপ্ৰয়োজনীয় বিদ্যুৎ কৰ্তনৰ লগতে গ্ৰাহকক কৰা দুব্যৱহাৰ বন্ধ নকৰিলে অনাগত দিনত জঙ্গী আন্দোলনৰ হুংকাৰ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উজ্বল চুতীয়াই ।