ধেমাজিঃ সদৌ অসম ছাত্ৰ সন্থাই লোক সংস্কৃতিৰ সাধক, মিচিং বাঃনৗ কৗবাং বা মিচিং মহা সভাৰ কেন্দ্ৰীয় উপ-সভাপতি একলব্য গামক ২০২২ বৰ্ষৰ পদ্মশ্ৰী গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞী “প্ৰতিমা বৰুৱা পাণ্ডে বঁটা যোৱা ২৭ ডিচেম্বৰত প্ৰদান কৰে। 

নীৰৱ সাধক গৰাকীয়ে বঁটা গ্ৰহণ কৰি গুৱাহাটীৰপৰা উভতি আজি নিজ গৃহ জিলাত উপস্থিত হয়। আৰু তেখেতে দঃঞি পঃল গাংগিঙত সেৱা জনায়৷ উক্ত স্থানৰ পৰা ধেমাজি মংকে কৗবাং MBK, MAK, MDK, TMPK, MMK আৰু TMMKয়ে গাংগিঙৰপৰা সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰিচুক মুৰং অকুমলৈ আদৰি আনি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা লগতে লোক বাদ্যৰ সমাসাৰে নৃত্য গীত পৰিৱেশন কৰি অনুষ্ঠান টি উৎসৱ কৰি তোলে৷ 

য়কচা কুলিৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত TMPK কেন্দ্ৰীয় সহকাৰী সম্পাদক টুনীৰাম পাংগিঙকে আদি কৰি ছয় মিচিং সংগঠনৰ আঞ্চলিকক,জিলা আৰু কেন্দ্ৰীয় পৰ্যায়ৰ কৰ্মকৰ্তাও উপস্থিত থাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply