ধেমাজিঃ ধেমাজিত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত৷ বুধবাৰে ধেমাজি আৰক্ষীয়ে ৩ নং ৱাৰ্ডৰ পৰা তিনিজন ড্ৰাগছ ব্যৱসায়ী আটক কৰে। ধেমাজি নগৰৰ ৩নং ৱাৰ্ডৰ এটা ভাৰাঘৰত আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত আটক কৰা ড্ৰাগছ ব্যৱসায়ী কেইজন হৈছে বম্বেশ্বৰ নৰহ, অৰবিন্দ দিহিঙ্গীয়া, ধ্ৰুৱজ্যোতি বসুমতাৰী।
লগতে পঢ়কঃনগাঁৱৰ ৰাজপথত মাজনিশা চোৰ বিচাৰি মহিলাৰ দল
আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী কেইজনৰ পৰা ২.৪৮ গ্ৰাম হেৰোইন, ২ টা কন্টেনাৰ, ২ খন মটৰচাইকেল আৰু ২ টা ম’বাইল জব্দ কৰিছে৷ আৰক্ষীৰ ভাষ্য মতে, অৰবিন্দ দিহিঙ্গীয়াৰ ভাড়া ঘৰৰ পৰাই যুৱক কেইজনে ড্ৰাগছৰ ব্যৱসায় চলাই আছিল।