ধেমাজিঃ স্বাৱলম্বিতাৰ দিশেৰে আৰু এখোজ আগবাঢ়ি যোৱাৰ লক্ষ্যৰে ধেমাজিত বুধবাৰৰ পৰা  চাৰিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে “আত্মনিৰ্ভৰ ধেমাজি জীৱিকা মেলা ২০২৩”। এই জীৱিকা মেলা উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে। 

ধেমাজি জিলা প্ৰশাসনৰ সৌজন্যত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ সহযোগত ১১ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হোৱা এই মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোট আৰু কৃষকসকলৰ উৎপাদিত সামগ্ৰী, কৃষি প্ৰযুক্তি প্ৰদৰ্শনী আৰু থলুৱা খাদ্যৰ সমাহাৰ ঘটিছে ৷ 

মহিলা সকলে নিজ হাতে তৈয়াৰ কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পোচাক, পৰম্পৰাগত খাদ্য, আচাৰ, পিঠা-জলপান আৰু কৃষক সকলৰ উৎপাদিত শাক পাচলিৰ লগতে মৌ পালন, পশু পালন‌, মীন পালন ,আধুনিক পদ্ধতিৰ কৃষি প্ৰণালী, চাহ খেতি, ৰবৰ খেতিৰে স্বাৱলম্বী হোৱা থলুৱা খেতিয়ক সকলে এই মেলাত অংশগ্ৰহণ কৰা দেখা গৈছে। 

তদুপৰি জিলা প্ৰশাসন আৰু কৃষি বিজ্ঞান কেন্দ্ৰই কৃষক সকলৰ উৎপাদিত সমাগ্ৰী সমূহৰ বিপনী সমূহৰ লগতে নৱপ্ৰজন্মই জানিব-বুজিব আৰু চৰকাৰী চাকৰিলৈ বাট নাচাই কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ’ব পৰাকৈ প্ৰতিটো বিভাগৰ চমু প্ৰদৰ্শনী আৰু প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ ৰাখিছে। 

অসমৰ কৃষি প্ৰণালী আৰু অসমত পোৱা ভিন্ন ধানৰ নাম চিনাকি কৰাই দিয়াৰ প্ৰচেষ্টাৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে অংশগ্ৰহণ উক্ত মেলাত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply