ধেমাজিঃ বন্ধন বেংকে সলনি কৰিলে বহুৰে জীৱন। যি সময়ত ৰাজ্যৰ একাংশ লোকে মাইক্ৰ ফাইনেঞ্চৰ ঋণৰ পৰা ৰেহাই দিবলৈ প্ৰতিবাদ কৰিছে,তেনে সময়তে একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ বন্ধন বেংকৰ ঋণৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ মুকলি হৈছে।
লাখ লাখ নিবনুৱা মহিলাই বন্ধন বেংকৰ ঋণৰ জৰিয়তে জীৱনৰ পথ সলনি হৈছে। সমাজৰ সমস্যাৰে জৰ্জৰিত মহিলা সকলৰ জীৱনত সঠিক পথ দেখুৱাবৰ বাবে ২০০১ চনত গঠিত হৈছিল বন্ধন বেংক।
পৰৱৰ্তী পৰ্যায়ত ২০১৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পঞ্জীভূত বেংক হিচাপে বন্ধন বেংকে প্ৰতিস্থা লাভ কৰে।
বন্ধন বেংকৰ বাবে বৰ্তমান লাখ লাখ মহিলাই স্বাৱলম্বী। নিজৰ ভৰিত নিজেই ঠিয় দি মহিলাসকলে সমাজত নিজকে প্ৰতিস্থিত কৰিছে।
আৰু পঢ়কঃখুমটাইত ক’ভিড কেয়াৰ চেন্টাৰত সুষম আহাৰ যোগান ধৰিলে আটছাই
ঠিক সেইদৰে ধেমাজিৰ বহু নিৱনুৱাই বন্ধন বেংকৰ ঋণ লৈ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে। ই-ৰিক্সা কিনি নিজৰ ঘৰখন চলাই স্বাৱলম্বী হৈছে।
এফালে এচাম ঋণগ্ৰস্থই ঋণ মাফ কৰিবৰ বাবে চৰকাৰক হেঁচা দিছে আনফালে একেই মাইক্ৰ ফাইনেঞ্চৰ পৰা ঋণ লৈ একাংশ ব্যৱসায়ীয়ে সফলতাৰ মুখ দেখিছে ।