YouTube video

ধেমাজিঃ ধেমাজিৰ এটি দুৰ্ভগীয়া শিশুৰ কৰুণ কাহিনী। পখিলা খেদা বয়সতেই যেন লাহে লাহে হেৰাই গৈছে শিশুটিৰ সোণোৱালী সপোনবোৰ।

তাৰো মন যায় লগৰীয়া সৈতে স্কুল যায় । সমনীয়া সৈতে খেলিবলৈ। এতিয়া যেন লাহে লাহে তাৰ বিচনাখনেই লগৰী হৈ পৰিছে ।

ধেমাজিৰ জিলাৰ শান্তিপুৰ টঙনাপৰা গাঁৱৰ দহ বছৰীয়া শিশু ৰাহুল বৰাৰ কৰুণ গাঁথা ।
ৰাজেন বৰা আৰু ৰশ্মিৰ বৰাৰ কনিষ্ঠ পুত্ৰ ৰাহুল বৰাই বিগত চাৰি বছৰৰ ধৰি ভুগি আছে এক দুৰাৰোগ্য ৰোগত।

কণমানিটিৰ চিকিৎসাৰ নামত ঘৰৰ সকলো বিক্ৰীৰ কৰিও সুফল নোপোৱাত এতিয়া মানসিকভাবে ভাগি পৰিছে পৰিয়ালটি ।

আৰু পঢ়কঃমাজুলী শ্ৰীশ্ৰী আদি বিহিমপুৰ সত্ৰৰ ৰাজগুৰুৱাৰী গাঁৱৰ সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ পৰলোকপ্ৰাপ্তি

খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰি কৰা পৰিয়ালটিয়ে এতিয়া চিকিৎসাৰ নামত মাটি-বাৰী হেৰুৱাই, দিশহাৰা হৈ পৰিছে।

এতিয়া পৰিয়ালটিয়ে চৰকাৰ তথা কোনো হৃদয়বান লোকৰ পৰা বিচাৰিছে কিছুু সহায়। যদি কোনো হৃদয়বান লোকে কণমানিটিৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বিচাৰে তেনেহ’লে 9678951506 নম্বৰত যোগাযোগ কৰিব পাৰে অথবা পাঞ্জাৱ নেচেনেল বেংকৰ একাউন্ট নম্বৰত 0749010403474 IFC -PUNB0074920 ত সহায় আগবঢ়াব পাৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply