ধেমাজিঃ ১৮ দিন ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কেকুৰী গাঁৱৰ বিপুল বুঢ়াগোঁহাই নামৰ ব্যক্তি গৰাকী ২৩ নবেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল।

ব্যক্তিগৰাকীক আজি বঙালমাৰী ঘাটত উদ্ধাৰ কৰা হয়। এছ ডি আৰ এফ ৰ দলে পুৱাৰে পৰা স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয়  ৷ 

উল্লেখ্য যে, ২৩ নবেম্বৰত ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চমৰাজান পঞ্চায়তৰ কেঁকুৰী আহোম গাঁওৰ বিপুল বুঢ়াগোহাঁই (৪২) নামৰ ব্যক্তি গৰাকীয়ে নিজা AS22H2356 নম্বৰৰ বগা ৰঙৰ Alto 800 গাড়ীখন লৈ ভাড়া মাৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। 

বাহনখন লৈ ভাড়া মাৰি পৰিয়াল পোহপাল দি অহা ব্যক্তিজনে যোৱা ২৩ নৱেম্বৰৰ সন্ধিয়া স্বাভাৱিকভাৱে পত্নীলৈ ফোন কৰি ঘৰলৈ বজাৰ কৰাৰ সন্দৰ্ভত বাৰ্তালাপ কৰিছিল। পৰৱৰ্তী সময়ত ৯ বজাত পুনৰ পত্নীৰে কথা পাতি অলপ দেৰি হোৱাৰ কথা অৱগত কৰে ব্যক্তিজনে । 

ৰাতি প্ৰায় ১১ বজালৈ স্বামী ঘৰলৈ উভতি নহাত পত্নী চিত্ৰলেখা বৰগোহাঁইয়ে স্বামীলৈ ফোন কৰে আৰু স্বামী বিপুল বৰগোহাঁই “গা‌ড়ীখনৰ ইঞ্জিন বন্ধ হৈ যায়” বুলি কোৱাৰ পাছৰে পৰা ব্যক্তি গৰাকীৰ মবাইল বন্ধ হৈ নিখোজ হৈ আছিল। 

উক্ত নিৰুদ্দেশ ঘটনাৰ সন্দৰ্ভত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। সম্পূৰ্ণ সন্দেহৰ আৱৰ্তত থকা ঘটনাটোৰ শেষ ওমান পাই ধেমাজি সদৰ আৰক্ষী, এচ দি আৰু এফ আৰু স্থানীয় ৰাইজৰ সহযোগত বঙালমাৰী ঘাটত অভিযান‌ চলাই বিপুল বুঢ়াগোহাঁইৰ মৃতদেহ গাড়ী সহ উদ্ধাৰ কৰে।  ইফালে, পৰিয়ালৰ লোকে পৰিকল্পিত ভাৱে বিপুলক হত্যা কৰা হৈছে বুলি উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply