ধেমাজিঃ ধেমাজি ইঞ্জিনিয়াৰিং কলেজত সংঘটিত হৈ আহিছে চূড়ান্ত অনিয়ম৷ এই গুৰুতৰ অভিযোগ ইঞ্জিনিয়াৰিং কলেজখনৰ আবাসিক শিক্ষাৰ্থীৰ৷ শিক্ষাৰ্থীক খাদ্যৰ নামত দৈনিক খুওঁৱা হৈছে বৰবিহ৷

ইফালে, মহাবিদ্যালয়খনৰ অধ্যক্ষই গুৰুত্ব নিদিয়ে শিক্ষাৰ্থীৰ অভাৱ-অভিযোগৰ ওপৰত৷ অভিযোগ অনুসৰি, খালৰ পানীৰেই ৰান্ধি খুওৱা হৈছে শিক্ষাৰ্থীসকল খাদ্য৷ আইৰণ যুক্ত পানী সেৱন কৰি মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা হৈছে৷

খাদ্যত উলায় পোক-পতংগ, মৃত মাখি আদি৷ হোষ্টেলৰ সামগ্ৰী ক্ৰয়ৰ নামত প্ৰতিজনৰ শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰা হৈছে ১০ হাজাৰকৈ টকা৷ কিন্তু কোনোধৰণৰ ভাউচাৰ দিয়া হোৱা নাই শিক্ষাৰ্থীসকলক। এতিয়া বিভাগীয় কৰ্তৃপক্ষয়ই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply