ধেমাজিঃ ধেমাজিৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাই নদীৰ বাঢ়নী পানীয়ে আমগুৰি পঞ্চায়তৰ অন্তৰ্গত শ শ কৃষি ভূমিৰ লগতে লেচাম আৰু চেঙামাৰী গাওঁ দুখন সম্পূৰ্ণ ৰূপে পানীয়ে আবৰি পেলায়।
লগতে পঢ়কঃটিয়ক পদুমণি প্ৰাথমিক বিদ্যালয়ত তলা লগালে অভিভাৱকে
গাইনদী জলপৃষ্ঠ বৃদ্ধিৰ ফলত ধেমাজি জিলাৰ আমগুৰি পঞ্চায়তৰ অন্তৰ্গত চেঙামাৰী আৰু লেচাম নামৰ দুখন গাঁও বানত বুৰ যায়। যাৰ ফলত অঞ্চলটোলৈ যোৱাৰ মূল পথটো বানত চিঙাৰ বাবে যাতায়ত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ ওপৰিও বানপীড়িত ৰাইজৰ লগতে পোহনীয়া জীৱ-জন্তু খাদ্যৰ অভাৱ হৈছে বুলি জানিব পৰা গৈছে।
ইফালে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ সকলে বিদ্যালয়-মহাবিদ্যালয়লৈ টুলুঙা নাওৰে যাত্ৰা কৰিব লগা হোৱাত চিন্তাত পৰিছে অঞ্চলৰটোৰ অভিভাৱক সকল।