ধেমাজিঃ ধেমাজি জিলাৰ জোনাইত ভয়ংকৰ বানৰ তাণ্ডৱ। যোৱা নিশাৰে পৰা দি থকা মুষলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা দেপী নদীয়ে জোনাই মহকুমাৰ গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় আঠখনৰো অধিক গাঁও বুৰাই পেলাইছে।
উল্লেখ্য যে, যোৱা নিশাৰে পৰা দি থকা এজাক মুষলধাৰ বৰষুণৰ ফলত শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত হঠাৎ অহা ভদীয়া বানে তচ-নচ কৰি বহু পৰিয়ালৰ গৰু-ছাগলী, হাঁহ-কুকুৰা, গাহৰি উটুৱাই লৈ যায়। বানত শ শ বিঘা কৃষি ভূমি বিস্তৰ ক্ষতিসাধন হয়।
হঠাৎ অহা বানৰ ফলত বিশুদ্ধ খোৱা পানীৰ লগতে খাদ্য সংকটত ভুগিছে বহু পহু-ধনে । ইফালে গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গালী য়াৰী, গালী কছাৰী, গালীঘাট আদিকে ধৰি প্ৰায় মুঠ আঠখনৰো অধিক গাঁৱৰ বাট-পথৰ লগতে ঘৰ-দুৱাৰ বুৰাই পেলোৱাত গৃহবন্দী বহু পৰিয়াল।