ধেমাজিঃ বিগত কেইবাদিনো ধৰি নেৰা- নেপেৰা বৰষুণৰ ফলত জীয়াঢ়ল নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।

প্ৰায় ২৫-৩০ খন গাঁও জীয়াঢ়লৰ বানৰ কবলত। জীয়াঢ়ল নদীৰ মথাউৰি বিজ্ঞান সন্মত ভাবে নিৰ্মাণ নকৰা আৰু ৯ কি:মি: মথাউৰি উন্মুক্ত অৱস্থাত থকাৰ বাবে শংকিত হৈ পৰিছে জীয়াঢল পৰিয়া ৰাইজ।

আৰু পঢ়কঃঅৱশেষত হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ নগাও আৰু কাছাৰ কাগজ কল বিক্ৰীৰ বাবে সাজু
এফালে কৰোনা আনহাতে জীয়াধলৰ বাণত উজাগৰে কটাবলগীয়া হৈছে জীয়াঢল পৰীয়া ৰাইজ।

শেহতীয়াকৈ জলসম্পদ মন্ত্ৰীৰ ধেমাজিৰ ভ্ৰমণ আগ মূহুৰ্তত জেচিবি লগাই বালি ভেটা দি চেনেল খানি নদীখন মূল সূতিলৈ বোৱাই নিছিল যদিও এজাক বৰষুণতেই ভাঙি নৈ পৰীয়া ৰাইজৰ ঘৰ-বাৰী পানীত বুৰ যোৱাৰ ওপৰিও শ শ বিঘা বাও ধানৰ খেতি নষ্ট হয়।

ধেমাজিৰ জীয়াঢ়ল নদীৰ মথাউৰি বিজ্ঞানৰ সন্মত ভাবে নিৰ্মাণ কৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে নৈ পৰীয়া ৰাইজে চৰকাৰক দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,482 other subscribers

Leave a comment

Leave a Reply Cancel reply