ধেমাজিঃ ধেমাজিত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা। ধেমাজি সদৰ আৰক্ষীয়ে এক গোপন অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।
ধেমাজিৰ ২ নং ভৰালী চুকৰ টিপুল দত্ত (৪২) নামৰ লোক জনক গাঞ্জা সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, টিপুল দত্তই বাসগৃহত মাটিৰ তলত পকী চেম্বাৰ বনাই গাঞ্জা লুকুৱাই ৰাখিছিল ।
ইফালে, আৰক্ষীয়ে প্ৰথমে ঘৰটোত মাটিৰ তলত বনাই থোৱা পকী চেম্বাৰ পৰা ১১ কেজি গাঞ্জা জব্দ কৰে ৷ আৰক্ষীয়ে টিপুল দত্তক গ্ৰেপ্তাৰ কৰা পিছত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে আমুলগুৰিৰ এটা ঘৰৰ পৰা প্ৰায় আৰু ১ কুইন্টল ৪৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ হোৱা গাঞ্জা ব্যৱসায়ীটোক ধেমাজি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷