ধেমাজিঃ স্বৰ্গদেউ চাওলুং চ্যুকাফা বৰ্তমান অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ। আহোম স্বৰ্গদেউ সকলে চ্যুকাফাৰ মহৎ আদৰ্শক অনুধাৱন কৰি ছশ বছৰ কাল গৌৰেৱেৰে ৰাজত্ব কৰি বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰি থৈ গৈছে। 

এই আহোম ৰাজত্ব কালৰে এগৰাকী জাতীয় বীৰ হ’ল লাচিত বৰফুকন। যাৰ বীৰত্বৰ বাবেই শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাই মোগলক পৰাজিত কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী জাতীয় বীৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতিবছৰে ২৪ নৱেম্বৰ দিনটোত সমগ্ৰ অসমতে  ‘লাচিত – দিৱস‌’ (বান- লা-চিত) হিচাপে পালন কৰি আহিছে। 

সেয়েহে লাচিত দিৱসৰ লগত সংগতি ৰাখি হাবুং উন্নয়ন পৰিচালনা সমিতি আৰু ধেমাজি জিলা পয়- ফুৰালুং মৌং-ডুন-খামৰ যৌথ উদ্যোগত ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া ৰ্কাযসূচীৰে  স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং চাও- চেণ-ৰেণ চৌহদত বিস্তৃত কাৰ্যক্ৰমণিকাৰে জাচিংফা পূজা, তে-তে-তে‌ অনুষ্ঠান, মলু্ং-পাংমলূং কৰ্মশালা আৰু “মহাবীৰ লাচিত দিৱস ” উদযাপন কৰা হয়।

লগতে হাবু্ং পৰিদৰ্শন কৰিবলৈ অহা অসম তথা বহি: ৰাজ্যৰ পৰ্যতন সকলৰ সুবিধা হোৱাকৈ ধেমাজিৰ এগৰাকী প্ৰতিস্থিত ব্যৱহায়ী দয়াল সৰকাৰে স্বৰ্গীয় পিতৃ নিপেন্দ্ৰ সৰকাৰ আৰু মাতৃ স্বৰ্গীয় আৰতী সৰকাৰ স্মৃতিত বিশুদ্ধ শীত তাপ নিয়ন্ত্ৰণ খোৱা পানীৰ water tank ব্যৱস্থা গ্ৰহণ কৰে । 

আজি এই water tank ৰ প্ৰথম পৰ্য্যায়ৰ কাম শুভাৰম্ভ কৰে। কাৰ্য্যসূচীৰ আজি প্ৰথম দিনা পূৱা ৮ বজাত হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উপ সভাপতি মানচাও গগন ফুকনৰ নেতৃত্বত সামূহিক চাফাই, পূৱা ৯ বজাত বন্তি প্ৰজ্বলন কৰে হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উপ সভাপতি মানচাও হীৰেণ চমুৱাই। ইয়াৰ পাছতেই তে-তে-তে অনুষ্ঠান আৰু মলুং আৰু পাংমলূং কৰ্মশালা আৰম্ভ হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply