ধেমাজিঃ ধেমাজিত অসম হাইস্কুল শিক্ষক সন্থাৰ সংবাদ মেল । যোৱা বৰ্ষৰ ৫নৱেম্বৰত অসম হাইস্কুল শিক্ষক সন্থা আৰু সেই সময়ৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত স্বাক্ষৰিত হোৱা Minutesৰ বিষয়টো কাৰ্যকৰী কৰিবলৈ আবেদন শিক্ষক সন্থাৰ।
২৫-৩০ বছৰে বিনা বেতনে শিক্ষাদান কৰি অতি পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ পোহৰ দেখুৱাই অহা শিক্ষক সকলে অতি কম সময়ৰ ভিতৰত বিদ্যালয় প্ৰাদেশিকৰণৰ বাবে দাবী জনাই মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।
৩১-০১-২০০৬ চনৰ আগতে যিসমূহ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল সেই সমূহ বিদ্যালয় প্ৰাদেশিকৰণৰ আওতালৈ আনি ”Issue” শব্দটো উঠাই দিব লাগে বুলিও দাবী কৰে।
২০১৩-২০২১ চনত প্ৰাদেশিকৰণ হোৱা বিদ্যালয়সমূহৰ পৰা বাদ পৰা শিক্ষক-শিক্ষয়িত্ৰীসমূহৰ পদ সমূহ বিনাস্বৰ্ত্তে প্ৰাদেশিকৰণ কৰাৰ দাবী জনায়। ২০১৮ চনৰ আইনৰ আওতালৈ অহা আৰু ২০২১ চনৰ প্ৰাদেশিকৰণৰ পৰা বাদ পৰা বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ আওতালৈ অনাৰ ব্যৱস্থা কৰি নতুন শিক্ষানীতি ঘোষণা কৰাৰ আগতে কাৰ্যকৰী কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ কৰে অসম হাইস্কুল শিক্ষক সন্থাই ।