ধেমাজিঃ ধেমাজিৰ জিলাৰ এখন অন্যতম পৰ্যটন স্থান হ’ল হাবুং। স্বৰ্গদেউ চ্যু-কা-ফাৰ স্মৃতিবিজড়িত আহোমৰ দ্বিতীয় ৰাজধানী হিচাপে জনাজাত হাবুং এতিয়া অসম চৰকাৰ , পৰিচালনাৰ সমিতিৰ আৰু শুভাকাংক্ষীৰ  প্ৰচেষ্টাত ন ৰূপত প্ৰাণ পাই উঠিছে। মে ডাম মে ফিৰ দিনাখন হাবুঙক পৰ্যটনস্থলী হিচাপে আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ৰনোজ পেগু, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা,ধেমাজি অভিভাৱক সঞ্জয় কিশান, টাই আহোমৰ উপ সভাপতি দুলাল বুঢ়াগোহাঁই উপস্থিত থাকে।

লগতে পঢ়কঃবোকাখাতৰ অনন্যাৰ শিৰত South East Asia Ambassador খিতাপ

হাবুঙৰ পুৰণি সম্পদ সমূহ সংৰক্ষণ বাবে লৈছে চৰকাৰে বহু নতুন নতুন পদক্ষেপ। হাবুঙত স্থায়ীৰূপত নৱনিৰ্মিত হাবুং চাও-চেন-ৰেন্ আৰু হলুং হ’-ফী গৃহটিও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

আজি ধেমাজিতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কেন্দ্ৰীয় মে ডাম মে ফি উদযাপন কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply