ধেমাজিঃ ধেমাজিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এজন লোকক হত্যা কৰাৰ সন্দেহতে উত্তেজিত ৰাইজে জ্বলাই দিলে তিনিটাকৈ বাসগৃহ।

এই ঘটনা সংঘটিত হৈছে ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ ধেমাজি তুলশীবাৰী বালিজান গাৱঁত।

ঘটনাৰ অনুসৰি সেই অঞ্চলৰে ঠগীৰাম বৰা আৰু বিনাৰাম গগৈ নামৰ লোকদুজনৰ মাজত মতভেদ হৈ দুজনৰ মাজত হতাহতি হোৱা পিছৰে পৰাই ঠগীৰাম বৰা নিৰুদ্দেশ হৈ আছিল।

ৰাতিপুৱা পৰ্যন্ত অঞ্চলৰ ৰাইজে বিচাৰি নাপাই ঠগীৰাম বৰাক হত্যা কৰা বুলি সন্দহ প্ৰকাশ কৰিয়েই অঞ্চলটোৰ প্ৰায় পোন্ধৰ- বিশ গৰাকী পুৰুষ মহিলাই বিনাৰাম গগৈৰ পত্নী ,পুত্ৰ মাতৃ , পিতৃ মাৰপিট কৰা লগতে বিনাৰাম গগৈ ঘৰ , পিতৃ তনু গগৈ ঘৰ আৰু এটা গেলামালৰ দোকান ঘৰৰ সৈতে মুঠ তিনি ঘৰ সম্পূৰ্ণ ভাবে জ্বলাই ভস্মীভূত কৰে ৷

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী-চিআৰপি এফকো উত্তেজিত ৰাইজে শিল নিক্ষেপ কৰি আহত কৰে।

এই ঘটনাৰ কিছু সময়ৰৰ পিছতেই ঘটনা স্থলীৰ পৰা প্ৰায় ৫০০ মিটাৰ মান নিলগৰ জংঘলৰ পৰা আৰক্ষীয়ে গৈ ঠগীৰাম বৰাক শুই থকা অৱস্থাত উদ্ধাৰ কৰে ৷

অত্যাধিক মদৰ নিচাৰ বাবে ঠগীৰাম বৰা ঘৰলৈ নোযোৱাকৈ উৰে ৰাতিটো জংঘলৰ মাজতে শুই পৰে।

ইতিমধ্যে ধেমাজি সদৰ আৰক্ষীয়ে আক্ৰমণকাৰী লোক সকলৰ বিৰুদ্ধে ১৮৩ আৰু ১৮৪ নম্বৰৰ দুটা গোচৰ ৰোজুৰ কৰে।

শীঘ্ৰেই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিব বুলি ধেমাজি উপ-আৰক্ষী অধীক্ষক জনাইছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply