ধেমাজিঃ সীমান্তৱৰ্তী জোনাই মহকুমা মাৰাত্মক ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে। জোনাই সদৰ থানাৰ আৰক্ষীয়ে আজি বিশেষ অভিযান চলাই জোনাই সদৰৰ ৰুৱাদ দলুঙৰ পৰা ১০ লক্ষাধিক টকাৰ মাৰাত্মক ড্ৰাগছৰ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য মতে, জোনাই আৰক্ষীয়ে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এজন বিশেষ লোকৰ পৰা পোৱা গোপন খবৰ ভিত্তিত জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱ মণি দাস আৰু জোনাই সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া নেত্ৰ কমল শইকীয়াৰ নেতৃত্বত প্ৰথমতে জোনাই সদৰৰ ৰুৱাদ দলুঙৰ দীপক মিলি নামৰ এজন যুৱকৰ ঘৰত অভিযান চলাই কিছু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইফালে, ধৃত দীপক মিলিৰ স্বীকাৰোক্তি মতে আৰক্ষীয়ে ৰুৱাদ দলুঙৰ লিখন পেগুৰ ঘৰত অভিযান চলাই ভঁৰাল ঘৰত এটা বেগত লুকাই ৰখা অৱস্থাত চাবনৰ বাকচত ৰখা ১১ পেকেট ব্ৰাউন চুগাৰ উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়।
তদুপৰি আৰক্ষীয়ে লিখন পেগুৰ ঘৰৰ পৰা নগদ ৭৮,৯৯০ টকা উদ্ধাৰ কৰে। আনহাতে, জব্দ কৰা ১১ পেকেট ব্ৰাউন চুগাৰৰ পৰিমাণ প্ৰায় ১৪৩ গ্ৰাম আৰু বজাৰ মূল্য দহ লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিছে।