ধেমাজিঃ জোনাইত সংগঠিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড l নিশা এজন যুৱকক নিৰ্মমভাৱে হত্যা কৰা ঘটনা সংঘটিত হৈছে l 

জানিব পৰা মতে জোনাই জোনকাৰেং জোনবৰৰ এজন যুৱকক নিশা অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে l জোনাই সদৰৰ উদয়পুৰ ৰোডত অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আঘাত কৰি হত্যাকাণ্ড সংগঠিত কৰি পেলাই থৈ যায় যুৱকজনৰ মৃতদেহ l 

নিহত যুৱকজন জোনাই জোনকাৰেং জোনবৰৰ ১৮ বছৰীয়া কালিঙ ময়ং বুলি জানিব পৰা গৈছে  l ইফালে, কালি নিশা প্ৰায় ১ বজাত হত্যাকাণ্ডটো সংগঠিত হোৱাৰ সন্দেহ কৰা হৈছে l 

হত্যাকাণ্ডৰ বিষয়ে ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পেৰণ কৰা হৈছে l

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply