ধেমাজিঃ ধেমাজিৰ বৰদলনিত কোচ সকলক জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত ৰে’ল পথ অৱৰোধ কৰি প্ৰতিবাদ। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বানত ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনী আৰু মহিলা সন্মিলনীৰ সহযোগত ধেমাজিৰ বৰদলনিত হাজাৰ হাজাৰ কোচ জনগোষ্ঠীয় লোকৰ উপস্থিতিত কোচ সকলক জনজাতি মৰ্য্যাদা প্ৰদান কৰা দাবীত এনেদৰে ৰে’ল পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে।

ৰেল অৱৰোধ কৰি দিনৰ ১১ বজাত  বৰদলনি পদুমনি ৰেলগেটত হাজাৰ হাজাৰ ৰাইজ ওলাই আহি কোচ ৰাজবংশী সকলক অতি শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিবাদত NO ST NO REST, WE WANT ST, ST আমাৰ প্ৰাপ্য সদৌ কোচ ৰাজবংশী যুব ছাত্ৰ সন্মিলনী জিন্দাবাদ আদি শ্লোগ্নানেৰে ৰেল পথ অৱৰোধ কৰে।

অসমৰ আহোম, মৰাণ ,মটক , চুতীয়া , চাহ জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী সকলক  প্ৰতিবাৰে জনজাতিকৰণৰ নামত চৰকাৰে প্ৰতাড়ণা কৰি আহিছে। যদিহে নিৰ্বাচনৰ আগে‌ আগে শীঘ্ৰে চৰকাৰে কোচ ৰাজবংশী সকলক জনজাতি মৰ্য্যাদা প্ৰদান নকৰে ইয়াৰ প্ৰত্যুত্তৰ কোচ ৰাজবংশী ৰাইজে ৰাজনৈতিক ভাবে দিব বুলি সদৌ কোচ ৰাজবংশী সন্মিলনিৰ সভাপতি প্ৰণৱ নাৰায়ন দেৱে সাংবাদিকৰ আগত উল্লেখ কৰে।

লগতে জনজাতি মৰ্য্যদা প্ৰদান নকৰা পৰ্যন্ত ৰাজপথ ৰেলপথ অৱৰোধ আদি বিভিন্ন পণ্ঠাৰে প্ৰতিবাদ কৰি যাব বুলি জানিব দিয়ে। আৰু এই প্ৰতিবাদ স্থলীৰ পৰাই অহা কালিলৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ছয় জনগোষ্ঠীয়ে আহ্বান জনোৱা অসম বন্ধ সফল কৰি তুলিবলৈ অসমৰ ৰাইজক আহ্বান জনায় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply